Pages

Sunday, 2 June 2019

General Casteৰ টকা কি গছত লাগে নেকি?

#জেনেৰেল কাষ্টৰ মানুহৰ টকা গছত লাগে নিশ্চয় , যাৰ বাবে এই ভাগ বতৰা । আমি জেনেৰেল কাষ্টৰ মানুহ খিনিয়ে কিয় শিক্ষা, চাকৰি , আন চৰকাৰী সাহাৰ্য্য  ৰ পৰা সকলো ক্ষেত্ৰতে পিছ পৰি থাকিব লাগে ।
    জেনেৰেল কাষ্টৰ ছাত্ৰ ছাত্ৰীক টো শিক্ষকে আন কাষ্টৰ ছাত্ৰ ছাত্ৰীত কৈ বেলেগ শিক্ষা বা বেছি শিক্ষা নিদিয়ে তেনে ক্ষেত্ৰত কলেজীয়া শিক্ষা লব বাবে আমি কিয় পিছ পৰিব লাগে। আমাৰ নম্বৰ বেছিকৈ লাগে আৰু আন কাষ্টৰ কম হ'লেই হয় ।
কি নিয়মৰ বান্ধোনত আমি বান্ধ খাব লগীয়া হৈছে।
    চাকৰি ক্ষেত্ৰতো একেটাই অবস্থা । সকলো বোৰ গ'ল , এই বাৰ আহিল ফৰ্ম ফিলাপ।
    চাকৰিৰ বাবে যদি আবেদন কৰিব লাগে তাত আকৌ জেনেৰেল কাষ্ট ৰ সকলে আবেদন মাচুল আনতকৈ 300/400 বেছি ভৰিব লাগে । কি যুক্তিত আমাৰ জেনেৰেলৰ ওপৰত এই মাধমাৰ ।
   কেতিয়াবা দুখ লাগে সচাকৈয়ে 😭😭😭 সকলোতে আমি পিছ পৰিব লাগে ।
    আমি জেনেৰেল হ'লো বুলিয়ে আমাৰ বহুত টকা থাকিব এনে কি কথা হ'ব পাৰে ? আমিও আন কাষ্টৰ দৰেই একেই দৰিদ্ৰ দেউতাকৰ সন্তান ।
    জেনেৰেল হোৱা বাবে বহুত সুবিধাৰ পৰা বঞ্চিত হৈছো । সকলোকে সমানে চাব লাগে । #উঠাই দিব লাগে এই ভাগ ভাগ।🙏🙏 যোগ্য জনে পাওক সুবিধা যি কাষ্টৰে নহওঁক । আপত্তি নাথাকে।
   কিন্তু এই ভাগ বতৰা জৰিয়তে এখন ভাল দামী কলেজত পঢ়া , এটা ভাল চাকৰিত আবেদন কৰাৰ পৰা আমাৰ জেনেৰেল কাষ্ট ৰ মানুহ খিনিক বঞ্চিত নকৰিব 🙏🙏🙏
     বহু চাকৰিত আবেদন কৰো বুলিও থমকি ৰব লাগে কাৰন আবেদন মাচুল ৰ পৰিমান বেছি ।
#জেনেৰেল কাষ্টৰ হৈ জন্ম লোৱাটোৱে কি আমাৰ দোষ নেকি ? নে আমাৰ ভুল হ'ল ? নুবুজিলো আজিও ।
     কেৱল এটাই অনুৰোধ -🙏🙏 উঠাই দিয়ক এই নিয়ম । সকলোকে সমানে সুবিধা দিয়ক 🙏🙏🙏

(যদি একমত হয় শ্বেয়াৰ কৰিব পাৰে যাতে সেই সকলৰ কানত পৰেগৈ  , যি সকলে এই নিয়ম বনাই ছে । মাত্ৰ অনুৰোধ তেখেত সকল লৈ 🙏🙏🙏 । সলনি কৰক এই নিয়ম )
✍ বিষ্ণু প্ৰিয়া কলিতা


No comments:

Post a Comment