Afghanistan এছিয়া মহাদেশৰ এখন অতি ধুনীয়া আৰু প্ৰাকৃতিকভাবে ঠাণ্ডা দেশ হিচাপে পৰিচিত। কিন্তু, বিগত 30 / 40 বছৰ পূৰ্বে আফগানিস্তানত আমেৰিকাই প্ৰজ্বলন কৰা ইছলামিক সন্ত্ৰাসবাদৰ জুই কুৰাই বৰ্তমান ঠাণ্ডা দেশখনৰ আকাশ বতাহ গৰম কৰি ৰাখিছে। Al-Qaeda আৰু Taliban Militia ৰ জন্মদাতা আমেৰিকাই বৰ্তমান আকৌ আৰম্ভ কৰিছে আন এক ঘৃণনীয় ষড়যন্ত্ৰ। আফগানিস্তানত সক্ৰিয় হৈ থকা তালিবান সকলক দুৰ্বল কৰিবলৈ আমেৰিকাই তালিবানৰ প্ৰতিদ্বন্দী জীহাদি সংগঠন ISIL / IS ক গোপনে সহায় কৰি আহিছে।
Russia ৰ চোৰাংচোৱা সংস্থা FSB য়ে অলপতে এই কথা সদৰী কৰিছে যে প্ৰায় 5,000 ইছলামিক ষ্টেইটৰ যুদ্ধই ইতিমধ্যে আফগানিস্তানৰ সীমান্তবৰ্তী Turkmenistan,. Uzbekistan, Tajikistan আদিত আশ্ৰয় লৈ আছে । উল্লেখযোগ্য যে আফগানিস্তানৰ পৰা গৈ Iraq আৰু Syria ত ISIL ত যোগদান কৰা বহু হেজাৰ আফগান যুৱক বৰ্তমান নিজ দেশলৈ ঘূৰি আহিছে। এই আফগান IS জীহাদি সকলে আফগানিস্তানত নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে তালিবান সকলৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে।
মুছলমানৰ বাহিৰে পৃথিৱীৰ বেলেগ ধৰ্মাৱলম্বী লোক সকলক কাফেৰ বুলি গণ্য কৰা Taliban সকলৰ আক্ৰমণত স্বয়ং 200 তকৈ অধিক নিৰীহ মুছলমান মানুহ বিগত ৰমজান মাহত আফগানিস্তানত মৃত্যুবৰণ কৰিছে। যোৱা 30 মে'ত কাবুলৰ সমীপৱৰ্তী এখন Military Academy ৰ বাহিৰত IS সন্ত্ৰাসবাদীয়ে আত্মঘাতী বোমা আক্ৰমণ কৰি 6 জন লোকক হত্যা কৰে। আনহাতে, তালিবান যোদ্ধাই যোৱা 1 জুনত Ghazni City ৰ এক আৰক্ষী থানাত আত্মঘাতী আক্ৰমণ কৰি আঠ গৰাকী আৰক্ষী বিষয়াৰ প্ৰাণহানি কৰে। আফগানিস্তানত যোৱা ৰমজান মাহত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণত 33 টি শিশু আৰু 14 গৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটিছে ।
আমেৰিকাই সৃষ্টি কৰা তালিবানে বৰ্তমান আফগানিস্তানৰ 59 খন জিলাৰ ওপৰত প্ৰভাৱ অক্ষুন্ন ৰাখিছে । 2001 চনৰ পৰা তালিবানৰ বিৰুদ্ধে যুঁজি যুঁজি আমেৰিকা বৰ্তমান সম্পূৰ্ণ ভাগৰুৱা হৈ পৰিছে। আমেৰিকাই 2018 চনৰ পৰা এতিয়ালৈকে Qatar ৰ উদ্যোগত 6 বাৰ তালিবানৰ সৈতে আলোচনাত বহিছে যদিও ইয়াৰ কোনো ফলাফল ওলোৱা নাই। আমেৰিকাই নিজৰ কৃতকৰ্মৰ ফাল আফগানিস্তানত ভালকৈ ভুগিছে। Taliban আৰু American ৰ মাজত চলা বিগত 18 বছৰীয়া আফগান যুদ্ধত প্ৰায় 1,47,000 জন লোকৰ প্ৰাণনাশ হৈছে ।

No comments:
Post a Comment