Pages

Wednesday, 12 June 2019

"চলো পালটাই" প্ৰকৃতিতে কি..!


অসমৰ মাতৃভাষা অসমীয়া ভাষাক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰি "চলো পাল্টাই 2021" নামৰ এক মিশন আৰম্ভ হৈছে | উল্লেখ্য যে অসম আন্দোলনৰ পিছৰ পৰাই অসমৰ বঙালী সম্প্ৰদায়ৰ লোক আৰু ধৰ্মীয় সংখ্যালঘু লোকে মাতৃভাষা হিচাপে অসমীয়া লিখি আহিছিল যদিও অহা 2021 ৰ লোকপিয়লত মাতৃভাষা বাংলা বুলি লিখিবলৈ অসমৰ বঙালী লোক আৰু ধৰ্মীয় সংখ্যালঘু লোকক আহ্বান জনোৱা হৈছে আৰু ইয়াক সমৰ্থন জনাই একাংশই ছচিয়াল মিডিয়াত ব্যপক প্ৰচাৰ চলাই আছে | আৰু যদিহে তেওঁলোকৰ চলো পাল্টাই মিশন 2021 সফল হয় তেন্তে অসমত অসমীয়া ভাষা দ্বিতীয় স্থানত আহিব আৰু মাতৃভাষা হিচাপে স্থান পাব বাংলা|আৰু মই ভাৱো আজিৰ এই পৰিস্থিতিৰ বাবে দায়ী একমাত্ৰ গেৰোৱা বসন পিন্ধা গোড়া গেৰুৱা পোক তথা অন্ধ ভক্ত আৰু চামচা কেইটা |কিয়নো তেওঁলোকে ৰাজনীতি মুনাফাৰ কাৰণে বৃহত্তম অসমীয়া জাতিটোক বঙালী, মুচলিম, বড়ো ইত্যাদি নামেৰে ভাগ ভাগ কৰি ইতিম্যে জাতিটোক দুৰ্বল কৰি পেলাইছে। গতিকে আজিৰ অসমীয়াই সময়ত সচেতন নহলে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব পাৰে ।

No comments:

Post a Comment