Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Monday, 3 June 2019

বাৰাক ওবামাৰ জীয়েকৰ কাহিনী


বাৰাক ওবামাৰ জীয়েক যদি এজনী ৱেটাৰ. . . . !! ক'লাকে এজনী ছোৱালী সৰু এটা জবৰ বাবে, বিভিন্ন ৰেষ্টুৰেণ্টলৈ ঘুৰি ফুৰিছে। সকলো ৰেষ্টুৰেণ্টৰ মালিক ছিধাই কৈ দিছে, চোৱা, আমাৰ ইয়াত কোনো মানুহ নালাগে।বেলেগ কৰোঁবাত যোৱা।ক'লাকৈ ছোৱালীজনী  হতাশ হৈ অন্য এখন ৰেষ্টুৰেণ্ট লৈ যায় ।এনেকৈয়ে এদিন তাই এটা ৰেষ্টুৰেণ্টত জ ব পাই গল।ৰেষ্টুৰেণ্ট মালিকে প্রথম দিনাই তাইক কৈ দিলে যে 👉কেতিয়াওঁ দেৰিকৈ অহা নহব। দেৰিকৈ আহিলে কামৰ পৰা ওলোৱাই দিয়া হব। সকলো খিনি কথা মূৰত ৰাখিয়েই ছোৱালীজনীয়ে কাম কৰি গৈ আছে ৰেষ্টুৰেণ্টত। খোৱাৰ অর্ডাৰ লৈ আছে,তাৰ পিছত খাদ্য পঠিয়াই দিছে টেবুলে টেবুলে।খোৱা শেষত টেবুল পৰিস্কাৰ কৰিছে। কামৰ কিছু অদক্ষতাত বকনিওঁ শুনিছে প্রায় প্রতিদিনেই। কেতিবা হয়তো কোনোবা কাষ্ট্ৰমাৰৰ সন্মূখৰ পৰা কফিৰ জাৰ নিওঁতে গাঁত অলপ কফি পৰিওঁ গৈছে । কাষ্ট্ৰমাৰে প্রচণ্ড ৰাগত নালিছ কৰিছে মালিকৰ ওচৰত।ছোৱালীজনীয়ে হয়তো কাঁন্ধো কাঁদ্ধো সুৰত মালিকক ছৰি বুলি কৈ কোনোমতে পাৰ পাই গৈছে। গাৰ বৰণ ক'লা বুলি সম্ভৱত ৰেষ্টুৰেণ্টৰ অন্য কৰ্মৰত লোকসকলে হয়তো ইমান এটা পাত্তা দিয়া নাছিল তাইক।হঠাৎ এদিন তাইৰ সহকর্মীৰ জন্মদিনলৈ মতাত তাইৰ গৃহলৈ গ'ল। কেক কটাৰ পিছত যি খাবলৈ দিছিলে, সহকর্মীয়ে লক্ষ্য কৰিলে ক'লাকৈ থকা ছোৱালীজনীয়ে সেইটো একদম খাব পৰা নাই। অবাক হৈ সুধিলে, খাদ্যত কিবা সমস্যা আছে নেকি বুলি। ক'লা ছোৱালীজনীয়ে, -নাই,পেট ভৰা, তাই খাব পৰা নাই বুলিয়ে কলে । কোনোবা দিন হয়তো ৰেষ্টুৰেণ্টৰ অন্যান্য সহকর্মীসকলৰ লগত কম দামি গাড়ীত কৰোঁবালৈ ঘুৰিবলৈওঁ গৈছিলে ক'লাকৈ ছোৱালীনীয়ে। কম দামি গাড়ীত বহু কষ্টও হৈছিলে তাইৰ।মুখ খুলি কাঁকো একোয়েই কোৱা নাছিল। সকলো খিনি চেপি ৰাখিছিলে আৰু ভাৱি লৈছিল,মই অন্য দহটা মানুহৰ দৰেই মানুহ।সিহঁতে পাৰিলে মই কিয় নোৱাৰিম।দিন হয়তো এনেকৈয়ে গৈ আছিল। এদিন তাইৰ সহকর্মীৰ কোনোবা এজনে দেখিলে যে, ক'লাকৈ ছোৱালীজনী ৰেষ্টুৰেণ্টৰ পৰা উলাই যোৱাৰ পিছত আঁৰৰ পৰা ছজন মান বিশালদেহৰ মানুহ তাইক ঘেঁৰি ৰাখে। ৰেষ্টুৰেণ্টত আৰম্ভ হল কণা-কণি। এনেকৈ এদিন ঘটনাটো গুছি গল সাংবাদিকৰ ওচৰলৈ।উলাই পৰিল ক'লাকৈ ছোৱালীনীৰ প্ৰকৃত পৰিচয়। সকলোৱেই জানি পালে , ক'লা ছোৱালীজনী প্রেছিডেণ্টৰ ছোৱালী বুলি। তাৰপিছত দেশে দেশে আলোচনা উঠিল, নিউজ হ'ল। বিশ্বই জানি গ'ল,মার্কিন প্রেছিডেণ্ট বাৰাক ওবামাৰ সৰু জীয়েক ছাশা ওবামা নিজৰ পৰিচয় লুকাই এটা ৰেষ্টুৰেণ্টত কাম কৰিছে । গ্রীষ্মকালীন বন্ধৰ সুযোগ লৈ ম্যাছাচুছেটছৰ মার্থাছ ভিনিয়ার্ড নামৰ এটা দ্বীপৰ সৈ ৰেষ্টুৰেণ্টৰ কাম লৈছে তাই।বহু দিনলৈকে ছাশাৰ সহকর্মীহতেওঁ তাইক চিনিব পৰা নাছিলে। পিছত ৰেষ্টুৰেণ্ট ঘেঁৰি সার্বক্ষণতেই ছজন লোকৰ অবস্থান বিষয়টোক স্পষ্ট কৰি তোলে। ইফালে বাৰাক ওবামাৰ স্ত্রী মিছেল ওবামাই কলে, -"সন্তানসকলক এটা বয়সৰ পিছত ৰাজকীয় বিলাসিতা এৰিবলৈ বাধ্য কৰিছো। কাৰণ সিহঁতে সাধাৰণ মানুহৰ লগত মিলিব লাগিব। অন্য দহটা মানুহৰ দৰেই জীয়াই থাকিবলৈ শিকিব লাগিব সিহঁতৰো। ধন্যবাদ

No comments:

Post a Comment

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...