Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Thursday, 13 June 2019

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক


আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:---

ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱৰসকলেই ৰাজকোঁৱৰ। এওঁলোক স্বৰ্গদেউ চুকাফাৰ পোনপটীয়া উত্তৰাধিকাৰী।

কোঁৱৰ ➖ ৰাজকোঁৱৰসকলৰ বাদেও আন এক শ্ৰেণীৰ কোঁৱৰ আছে। এওঁলোকক বিশেষ সামৰিক প্ৰতিভা বা আন কাৰণত কোঁৱৰ বোলা হৈছিল। উদাহৰণস্বৰূপে, হিলৈদাৰী ফৈদটোৱে হিলৈ-বৰতোপ ব্যৱহাৰত পাৰ্গতালি প্ৰদৰ্শন কৰিছিল। আনহাতে, স্বৰ্গদেউসকলৰ লেখক কুঁৱৰীসকলৰ কিছু সন্তানকো কোঁৱৰ খেলত অন্তৰ্ভুক্ত কৰা হৈছিল।

বাইলুং ➖ বাইলুঙক টাই ভাষাত ম'প্লং বোলে। বাইলুঙে সাধাৰণতে মঙল চায়। 'দেউধায় কাম' ছায় বা চাংমনে আহোমৰ দেউপূজা কৰে। এওঁলোক আহোমসকলৰ পূজা-পাতলৰ পূজাৰী আছিল।

বুঢ়াগোহাঁই ➖ বুঢ়াগোহাঁইক আহোম মতে চাও ফঙমুং বোলে। চাও = দেৱতা, ফ্ৰঙ = বহল, মুঙ = দেশ অৰ্থাৎ বিশাল দেশৰ গৰাকী। ৰজাঘৰৰ পৰা দহ হাজাৰ পাইক পোৱা বুঢ়াগোহাঁই সৰ্ব প্ৰধান ৰাজমন্ত্ৰী।

সন্দিকৈ ➖ সন্দিকৈ শব্দটো প্ৰাচীন বুৰঞ্জীবিলাকত সন্ধি বা সন্ধিকৰ শব্দৰ পৰা হোৱা সন্ধিকাই বুলি লিখিছে, কিন্তু সি হুনদিকাই শব্দৰহে ৰূপান্তৰ। হুন মানে গড়, দিকাই মানে পৰা বা পৰি দিয়া, অৰ্থাৎ গড় বা সাকোঁ পাৰি পাৰ কৰি দিওঁতা। দিহিঙীয়া ৰজাৰ দিনৰ পৰাই এই খেলৰ প্ৰচলন হয়।

লাহন ➖ মুংকং দেশৰ যিসকল প্ৰজাই ৰজাক সুন্দৰ হাঁহ উপহাৰ দিছিল তেওঁলোকক সম্ভ্ৰান্ত বংশত অন্তৰ্ভুক্ত কৰা হল। তেওঁলোকৰে কিছু সংখ্যক লোক চুকাফাৰ সৈতে অসম অভিমুখী যাত্ৰী হয়। দেখিবলৈ ধুনীয়া হাঁহক লাংহেন বোলে। পিছত এই উচ্চাৰণটো মুখ বাগৰি লাহন হয়।

দুৱৰা ➖ (ক) স্বৰ্গদেউ চুকাফাৰ লগত থকা কোনো লিগিৰীৰ পৰা উদ্ভৱ হোৱা সাতঘৰ মানুহক দুৱাৰ বোলে।
(খ) চুকাফা স্বৰ্গদেউ দেৱে মুংমিত কুপ্ কিং দেশ ত্যাগ কৰোঁতে নগৰৰ দুৱাৰৰ মুখত বাস কৰা এঘৰ মানুহ লগত আনিছিল। তেওঁলোকৰ সতি-সন্ততিসকলেই দুৱৰা।

গগৈ ➖ দেৱৰেকক মৰমতে মতা ককৈদেউ শব্দৰ পৰা গগৈ হৈছে।

লুখুৰাখন ➖ পীৰা ব চাঙৰ তলৰ গহ্বৰত পদ্মাসন কৰাৰ পৰা লুখুৰাখন উপাধিৰ উৎপত্তি হৈছে। দুৱৰাৰ ওচৰ বংশীয় যদিও সাতঘৰীয়া আহোমত নুঠিল। এওঁলোক প্ৰথম পুৰুষৰ নাম ফ্ৰংপিম, লিগিৰীৰ বংশধৰ। লুখুৰাখনে গৰু, মহ মাৰি লেং দনক পূজা কৰিছিল আৰু স্বৰ্গী ৰজাক ৰুঙভাঙ ঘৰলৈ কঢ়িয়াই নিছিল।

বৰচেতিয়া ➖ চাও-চিং-লুঙে মৰঙী খোৱা গোঁহাইৰ তলত দৈগ্ৰোঙৰ চকীত থাকি তাৰ বাতৰি ৰজাক জনাই থাকিব লাগে। এই বিষয় চেতিয়া বংশৰ মানুহে ভোগ কৰাৰ বাবে বৰচেতিয়া হল।

ৰাজখোৱা ➖ ৰাজখোৱা বা ফু-কিন-মুং (পুৰুষ ভোগ কৰা দেশ) ৰজাৰ বেলেগ বেলেগ ঠাইৰ খাতবিলাকৰ তত্ত্বাবধায়ক। উজনিত বাৰজন আৰু নামনিত ছজন ৰাজখোৱা আছিল।

খাৰঘৰীয়া ➖ খাৰঘৰ তথা গোলা-বাৰুদৰ তদাৰক কৰা লোকেই খাৰঘৰীয়া।

নেওগ ➖ সাধাৰণ সেনাৰ সেনাপতিসকল আৰু ৰজাৰ টেকেলাবিলাকৰ ওপৰুৱা বিষয়াজনক নেওগ (নিউ-মঙ) বোলা হৈছিল।

পাচনী ➖ পাচনী (চেউ) বোৰ লিগিৰীৰে এটা শ্ৰেণী।

চহৰীয়া ➖ পৰ্বতবিলাকৰ কাষত পৰ্বতীয়া জাতিক বস্তু-বাহিনী যোগান ধৰিবলৈ কিছুমান মানুহ স্থাপন কৰা হৈছিল। তেনে অঞ্চলত থকা পৰ্বতীয়াসকলৰ যোগান ধৰিব নলগা সকলক চহৰীয়া বোলা হৈছিল।

কটকী ➖ আহোম ৰাজত্ব কালত এওঁলোকে খবৰ, সংবাদ পত্ৰ আদি আদান-প্ৰদান কৰিছিল।

চাংমাই ➖ আহোম ৰাজত্ব কালত ৰান্ধনীসকলক চাংমাই বোলা হৈছিল।

মুদৈ ➖ এওঁলোকে আহোম ৰাজত্ব কালত বেহা-বেপাৰ কৰিছিল।

শেনচোৱা ➖ আহোম ৰাজত্ব কালত যিবিলাকে শেন চৰাইক বহাগ বিহুত যুঁজৰ বাবে চোৱা-চিতা আৰু প্ৰশিক্ষণ দিছিল তেওঁলোকক শেনচোৱা বোলা হৈছিল।

কাকতী ➖ কাকতত যিসকল দৈৱজ্ঞ, কায়স্থ আৰু কলিতাই হিচাপ-পত্ৰ ৰাখিছিল বা অন্যান্য ৰাজকীয় কাম কৰিছিল তেওঁলোকেই কাকতী। এওঁলোকৰ জোলাশালৰ কাকতী, গাওঁ কাকতী, বৰকাকতী, পাখি কাকতী আদি বিভিন্ন ভাগ আছিল।

সভাপণ্ডিত ➖ ৰাজ্যসভাত সভাপণ্ডিত বুলি এক শ্ৰেণীৰ বিদ্বান বামুণ আছিল। আহোম ৰাজত্বৰ শেষৰ চোৱাত ৰজা আৰু পাত্ৰ-মন্ত্ৰী আদি উচ্চ বিষয়াৰ পুৰোহিতালি কৰা বামুণ জনক ৰাজ গুৰু ফুকন খিতাপ দিয়া হৈছিল।

বৰদলৈ ➖ বৰদলৈ দুই শ্ৰেণীৰ আছিল --- এবিধ বৰদলৈ সোণাৰিসকলৰ বিষয়া আৰু আন এজন বৰদলৈ আছিল ৰজাৰ জ্যোতিষীৰ আৰু মঙল চোৱা গণকবোৰৰ ওপৰত আধিপতি।

কটকী/বৰকটকী ➖ কটকীসকল অন্য ৰাজ্য বা দেশলৈ অসমৰ ৰাজ্যদূতেই নাছিল, সেই দেশৰ বুৰঞ্জী লিখাৰ উপৰিও তাৰ ভাল ধৰণ-কৰণ, শিল্প আদি অসমত প্ৰচলন কৰিছিল। আৰু অসমৰ সভ্যতা আৰু শক্তিৰ প্ৰায় সমকক্ষ ৰাজদৰবাৰসমূহলৈ পঠিওৱা কটকীসকল বৰকটকী।

খাউণ্ড ➖ ৰুদ্ৰসিংহই খাউণ্ড বিষয়া সৃষ্টি কৰিছিল। এওঁলোকৰ দায়িত্ব তিনি প্ৰকাৰৰ --- মৃত ৰজা বা সম্ভ্ৰান্ত লোকৰ অস্থি গংগাত পেলোৱা, বিদেশী সামগ্ৰী অনা আৰু বিদেশী ৰজাৰ আচাৰ-ব্যৱহাৰ চোৱা। এঘৰ বামুণ আৰু এঘৰ কলিতা প্ৰথম খাউণ্ড হৈছিল।

কাকতী ➖ কাকতত যিসকল দৈৱজ্ঞ, কায়স্থ আৰু কলিতাই হিচাপ-পত্ৰ ৰাখিছিল তেওঁলোকেই কাকতী।

চাংকাকতী ➖ ৰজাৰ সম্পত্তিৰ হিচাপ ৰখা মূল কাকতীজনে চাংকাকতী। পোনপ্ৰথমে মণিপুৰী কোঁৱৰ এজন এই পদত নিযুক্তি হৈছিল।

লিকচন ➖ লিকচন বিলাকে ৰাজমন্ত্ৰী আৰু বৰবৰুৱা আদেশমতে কাম কৰে। লিক্-চো-আন্ অৰ্থাৎ লিগিৰা লৰাৰ খেলৰ পৰা লিকচন হৈছে।

আহোম ➖ স্বৰ্গদেউৰ অতি সাহসী কিছুমান লিগিৰাই বৰ অহম, ঘাটী অহম, লাই অহম, চেখাম অহম, কেঁচা অহম নাম পাইছিল। ডা-ডাঙৰীয়াৰ বীৰ্য্যজাত লাই অহম কিছুৱে বৰুৱা, ৰাজখোৱা আৰু ফুকন পৰ্যন্ত বিষয়বাব পাইছিল। বৰ্তমান এওঁলোকৰ নিচেই কম সংখ্যক উত্তৰাধিকাৰীয়ে আহোম (অহম) লিখে।

চমুৱা ➖ টাই বা অন্য যিবোৰ জনগোষ্ঠী আহোম জাতিভূক্ত হৈছিল তেওঁলোকে শাসক জাতিৰ অংশ হিচাপে গা-খাটি দিয়াৰ সলনি কৰ আদায় দিছিল। তেওঁলোকে চমুৱা। পিছৰ পৰ্যায়ত ৰাজ্যৰ সকলো প্ৰজাকে চমুৱা হোৱাৰ সুবিধা দিয়া হৈছিল যদিও কম সংখ্যক চুতীয়া শিল্পী আৰু সোণাৰি-কলিতাৰ বাদে অধিকাংশই ভকত হৈ শাৰিৰীক শ্ৰমৰ পৰা হাত সৰাৰ প্ৰচেষ্টা চলাইছিল। চমুৱাসকলৰ ভিতৰত অধিকাংশই আহোম।

মাউত ➖ কছাৰীৰ সাতগাঁও অঞ্চলৰ পৰা আহি আহোম ৰাজ্যত এঘৰ নিম্ন শ্ৰেণীৰ মানুহ সোমায়। চক্ৰধ্বজ সিংহই গুণসম্পন্ন দেখি ছাগলি-কতাত বহুৱাই, হাতী মাউতৰ খেলত দি আহোমলৈ উঠায়। তদুপৰি পুৰ্বৰ পৰা অনেক টাই আৰু চুতীয়া মাউত আছিল।
_________________________

সপ্তাহযোৰা অধ্যয়ন আৰু শ্ৰম জড়িত হৈ আছে। প্লিজ পোষ্টতো কপি নকৰিব ভাল পালে শ্বেয়াৰ কৰিব, যাতে আনেও জানিবলৈ সুবিধা পায়।

26 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. বৰা নিদিলে যে

    ReplyDelete
    Replies
    1. বৰা লোকসকলে ৰজাৰ পকৰ ধুৱাইছিল।

      Delete
  3. ইয়াত সকলোৰ আহোমৰ উপাধি বোৰ উল্লেখ নাই হোৱা ।

    ReplyDelete
    Replies
    1. নাইতো ইয়াত দিহিঙীয়া, মোহন, বৰা এইবিলাক উল্লেখিত হোৱা নাই ।

      Delete
    2. হয়।

      Delete
  4. বৰা নাই যে

    ReplyDelete
  5. শুদ্ধ নহয় এইখন তালিকা আপুনি কোৱাৰ দৰে সপ্তাহ যোৰা আপোনাৰ শ্ৰম মই নেদেখিলো ৷

    ReplyDelete
  6. এবাৰ চাব চোন টিপমীয়া উপাধিতো

    ReplyDelete
  7. ইয়াত আহোমৰ আৰু বহুতো উপাধি সমূহ উল্লেখিত নাই ককাইদেউ।🤗

    ReplyDelete
  8. দিহিঙীয়া খিনি ক'লৈ খেদি পথিয়ালে

    ReplyDelete
  9. হাজৰিকা আৰু খনিকৰ উপাধি ক'ত গ'ল

    ReplyDelete
  10. ধুনীয়া কিন্তু বহু ওপাধি ইয়াত নাই

    ReplyDelete
    Replies
    1. শিৱসাগৰীয়া বড়া সকলে নিজকে আহোম বুলি পৰিচয় দিয়ে, আচলতে তেওঁ লোক আহোম বংশধৰ হয় নে ?

      Delete
    2. তেওঁলোকৰ বংশাৱলী যদি আহোমত উলাইছে তেনে আহোম ৷

      Delete
  11. বাৰুৱতী উপাধিৰ বিষয়ে সবিশেষ জনাৱ চোন

    ReplyDelete
    Replies
    1. তেওঁলোক বাৰুৱতি গগৈ ৷ আহোম ৷ চাৰিং বাৰুৱতি গাওঁ শিৱসাগৰত আছে ৷

      Delete
  12. সুন্দৰ প্ৰচেষ্টা 👌

    ReplyDelete
  13. আগলৈ আৰু পঢ়িবলৈ পাম বুলি আশা কৰিলো

    ReplyDelete
  14. আহোমৰ আৰু উপাধিৰ নাম উল্লেখ কৰিবলৈ থাকি গৈছে । আশা কৰো পিছলৈ প্ৰকাশ কৰিব।

    ReplyDelete
  15. বৈশ্য_______🫤🤔

    ReplyDelete
  16. আহোম ৰজাই বহু সম্প্ৰদায়ৰ লোকক খনিকৰ পাটিছিল ৷ যেনে বৰুৱাৰ পৰা পটা খনিকৰ , ফুকনৰ পৰা পটা খনিকৰ , চিত্ৰকৰৰ পৰা পটা খনিকৰ, চুতীয়াৰ পৰা পটা খনিকৰ ,মুছলমানৰ খনিকৰ ইত্যাদি ৷ গতিকে খনিকৰ উপাধিৰ বংশাৱলী বিচাৰিলে দালবোৰ অৱশেষত বেলেগ বেলেগ কৈ উলাই ৷ গতিকে খনিকৰসকলৰ বহুতেই আহোম-চুতীয়া, আহোম বা চুতীয়া বুলি পৰিচয় দিয়ে ৷ দালৰ পৰা এৰাই আহিলেও এইসকলৰ বহুতেই যে মূলতে আহোম এই মৰ্যাদা প্ৰাপ্ত নহয় ৷ খনিকৰসকলক আহোম যুগৰ ইঞ্জিনীয়াৰ ৰ মৰ্যাদা দিয়া হৈছিল ৷ খনিকৰ ৰজাঘৰীয়া Architecture আছিল ৷ ৰজাৰ আতি বিশ্বস্ত মানুহকহে এই কাম যচা হৈছিল ৷ প্ৰয়োজনত ৰজাৰ গুপন গৃহ যেনে তলাতল ঘৰ আদি নিৰ্মাণৰ অন্তত তেওঁক হত্যা কৰা হৈছিল ৷ এই কথা জানি সকলোৱে খনিকৰ উপাধি লবলৈ আগবাঢ়ি অহা নাছিল ৷ স্বেচ্ছাই যিসকল কাম জনা মানুহ আগবাঢ়ি আহিছিল তেওঁলোককহে খনিকৰ পাটিছিল ৷ খনিকৰ সকলে বেলেগকৈ পাইক নাখাটিছিল বা কৰ দিব নালাগিছিল ৷ যুদ্ধৰ সময়ত এইসকলে যাঠিলৈ যুদ্ধ কৰিছিল ৷ বলম মানে যাঠি ৷ এইবাবেই বহুতো খনিকৰক বলমীয়া খনিকৰ উপাধিও দিয়া হৈছিল ৷ এই ৱেবত চৰ্চা হোৱা নাই
    যদিও Internetত খনিকৰ উপাধিৰ ভুল ব্যাখ্যা দেখি কথাখিনি আগবঢ়ালো ৷ ৰাইজৰ পুষ্টি কামনা কৰিলে ৷ আৰু তথ্য থাকিলে অনুগ্ৰহ কৰি সংযোগ কৰে যেন ৷

    ReplyDelete
  17. আহোমৰ বুৰঞ্জীত বচা উপাধিৰ নাম উল্লেখ নাই কিন্তু বচা উপাধিৰ বহু মানুহ আছে।
    আহোমৰ দিনত যি সকলক সৰু সৰু ভঙা (মলখো)চাউল বাচিবলৈ দিছিল সেই সকলক বচা উপাধি দিছিল।

    ReplyDelete

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...