Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Monday, 8 July 2019

RTI মানে কি? জানি লওক

*RTI মানে কি?*

আজি আমাৰ ৰাস্তা ঘাট আমাৰ গাওঁ ইমান পিছপৰা কিয়?

কাৰণ বছৰি হিছাপ চালে দেখা যায় যে আমাৰ চৰকাৰে গ্ৰাম্যঞ্চল উন্নত কৰিবলৈ কোটি কোটি টকা খৰচ কৰি আছে কিন্তু সেই টকা যায় ক'ত?
===================

আমাৰ সমাজত প্ৰায়েই দেখা যায় কোনোবাই কাৰোবাৰ কামৰ ওপৰত RTI (Right to information act 2005) মাৰে । কিন্তু তাত সমাজৰ অন্য কিছুমান মানুহে RTI যিজনে মাৰে তেওঁক দোষাৰোক কৰে গতিকে আজি RTI বিষয়টো সকলোৱে জানি লওক যে RTI কি বস্তু?

তথ্য জনাৰ অধিকাৰ ২০০৫ ৰ ৮নং আৰু ৯ নং দফাত কোৱা হৈছে যে যিবোৰ তথ্য প্ৰকাশ কৰিলে দেশৰ স্বাৰ্থ হব দেশ খনৰ অৰ্থনৈতিক স্বাৰ্থ হব সেইবিলাক তথ্য ফাদিল কৰিব পাৰিব।

*RTI মানে কি?*

RTI হল এনে এটা আইন যিটোৰ জৰিয়তে আপুনি দেশ খনত হোৱা চৰকাৰী যিকোনো কাম কাজৰ তথ্য আপুনি যোগান কৰিব পাৰিব।
চৰকাৰী কাম কাজ ভাল হওক বা বেয়া হওক তথ্য আপুনি যোগান কৰি চাব পাৰিব। কাৰণ ২০০৫ চনৰ ১২ অক্টোবৰ তাৰিখে "তথ্য জনাৰ অধিকাৰ ২০০৫" বলবৎ কৰা হৈছে।

আৰু এই আইন খনৰ জৰিয়তে দেশৰ সকলো নাগৰিকক সমান অধিকাৰ দিয়া হৈছে আৰু "তথ্য জনাৰ অধিকাৰ ২০০৫" খনক মানৱ অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছে।

গতিকে সমাজৰ প্ৰত্যেকজন ব্যক্তি সজাগ হওক আৰু আপোনাৰ ওচৰত চৰকাৰী কাম কাজ  RTI ৰ জৰিয়তে চাওঁক।
আজিৰ এই সময়ত আমাৰ সমাজত যি দুৰ্নীতি আৰম্ভ হৈছে প্ৰত্যেকজন সচেতন ব্যক্তিৰ এক ধৰণৰ কৰ্ত্তব্য হৈ পৰিছে তথ্য জনা বা RTI মৰা।

আপুনি এজন প্ৰতিনিধিক ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰিছে আৰু সি কাম কাজত কেলেংকাৰি কৰিছে আপুনি জানি বুজি বহী থকাটো আপোনাৰ কাৰণে দুৰ্ভাগ্যজনক।

আকৌ কিছুমানে কয়- সি কাম কৰাইছে চৰকাৰৰ টকা খাইছে তাত আপোনাৰ কি আহে যায়?

সেইসকলে জানি লওক যে সকলোৱে জানি থোৱা ভাল হব যে ,আমি প্ৰত্যেকজন নাগৰিকৰ দেশখনৰ ওপৰত দাবী আছে দেশ খন উন্নত কৰাত আমাৰ ও অধিকাৰ আছে।
 কাৰণ চৰকাৰে সেই টকা পায় ক'ত?  চৰকাৰে টকা আমাৰ জনসাধাৰণৰ পৰা নি সেই টকা আকৌ আমাৰ দেশৰ উন্নতিত আমাৰ উন্নতিত লগায়।

কোনোবাই চৰকাৰৰ পৰা টকা আনিলে ৫০ লাখ কাম কৰালে ৫ লাখ ৪৫ পকেটত ভৰালে।

আকৌ কিছুমানে সেইজনক সমৰ্থন কৰে কি আচৰিত কথা।

এজন ভিক্ষুৱক আপুনি যিমান টকা দিব সি লব লাগিব কাৰণ তাৰ আপোনাৰ ওপৰত সিমান দাবী নাই যে আপুনি তাৰ কথা মত টকা দিব লাগিব কিন্তু চৰকাৰক আমি আমাৰ ৰাইজৰ উন্নতিৰ বাবে টকা দাবী দিও আৰু কোনোবাই আনি ৫০ লাখত ৫ লাখ আমাৰ কাম কাজত লগাই বাকী টকা পকেটত ভৰাব সেয়া মানি লোৱা আৰু নিজে দুৰ্নীতি কৰ‍া একে কথা।

গতিকে ৰাইজন সচেতন হওক নহলে এনেকৈই আমাৰ অঞ্চলখন পিছ পৰি থাকিব আৰু এচামে আমাৰ ৰাইজৰ টকা আত্মসাত কৰি লৈ এই অঞ্চল ত্যাগ দি নগৰ চহৰত ডাঙৰ ডাঙৰ অট্ৰালিকা সাজিব।

গতিকে সমাজ ধ্বংসৰ পথত যাব নিদিব।

*জনহিতাৰ্থে শ্বেয়াৰ কৰক*

No comments:

Post a Comment

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...