Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Monday, 17 June 2019

নিজকে প্ৰাঞ্জল বৰা বুলি পৰিচয় দি প্ৰেম কৰি মেহবুব আলমে গুৱাহাটীৰ পৰা পলুৱাই আনিলে তিনিচুকীয়াৰ যুৱতীক

নিজকে প্ৰাঞ্জল বৰা বুলি পৰিচয় দি প্ৰেম কৰি মেহবুব আলমে গুৱাহাটীৰ পৰা পলুৱাই আনিলে তিনিচুকীয়াৰ যুৱতীক



এজন মুছলিম যুৱকে প্ৰাঞ্জল বৰা বুলি ভুৱা পৰিচয় দি এগৰাকী হিন্দু ছোৱালীক পলুৱাই অনা কাৰ্য্য দেওবাৰে পোহৰলৈ অহাত সম্প্ৰতি গোৱালপাৰাৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰীৰ মেহবুব আলম নামৰ এজন যুৱকে নিজকে প্ৰাঞ্জল বৰা বুলি চিনাকী দি তিনিচুকীয়াৰ এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।এদিন যুৱতী গৰাকীক গুৱাহাটীলৈ মাতি আনি যুৱকজনে গোৱালপাৰালৈ পলুৱাই লৈ আহে। আৰু ইয়াৰ পাছতে পোহৰলৈ আহে যুৱকজনৰ সচা পৰিচয়।  বহুদিন ধৰি প্ৰাঞ্জল বৰা বুলি নিজকে পৰিচয় দি প্ৰেম কৰি থকা যুৱকজন যে প্ৰকৃততে এজন হিন্দু লৰা নহয় সেই কথা ছোৱালী জনীযে গোৱালপাৰাত উপস্থিত হৈ জানিব পৰাত লগে পৰিয়াললৰ লোকক এই কথা জনাই দিয়ে। তাৰ পিছত পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে গুৱাহাটীৰ মালিগাঁও আৰক্ষী থানাত উক্ত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে। আৰু এই এজাহাৰৰ ভিত্তিত দেওবাৰে গোৱালপাৰাৰ মৰনৈ আৰক্ষীয়ে চলোৱা অভিযানত প্ৰৱঞ্চক মেহবুব আলমৰ সৈতে যুৱতী গৰাকীক এখন হাবিত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰৱঞ্চক প্ৰেমিক মেহবুব আলম সম্প্ৰতি ৰঙাঘৰৰ আলহী। উললেখযোগ্য যে আজিৰ পৰা কিছুদিন পূৰ্বে বাক্সাত হিন্দু সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক এজন লম্পট চৰিত্ৰৰ মুছলমান যুৱকে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই প্ৰেমৰ নামত ধৰ্ষণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নোযাওতেই দ্বিতীয়টো লাভ জেহাদৰ ঘটনা পোহৰলৈ অহাতো নিশ্চিতভাৱে সমাজৰ বাবে চিন্তনীয় বিষয় বুলি বিভিন্ন সচেতন লোকে মন্তব্য কৰিছে। Click here to subscribe our YouTube channel Information Tech

No comments:

Post a Comment

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...