Information Tech

এই খন ৱেবছাইটত অসমৰ বিভিন্ন ঠাইত সংঘটিত হোৱা সৰু সুৰা ঘটনা যিবিলাক টিভি পেপাৰত প্ৰকাশ নাপায় সেইবিলাক প্ৰকাশ কৰা হয়। কোনো ধৰণৰ ভুৱা বাতৰি তথা কম্পিউটাৰ সহায়ত এডিতিং কৰা ফটো প্ৰকাশ কৰা নহয়।

Sunday, 9 June 2019

হেৰাই গল এটি সুখি পৰিয়াল । হৃদয় বিদাৰক ঘটনা

I


ধুবুৰী, বিলাসীপাৰা- গৌৰাং নগৰত ছুইফট আৰু স্কৰপিঅ গাড়ীৰ মুখামুখি  সংঘৰ্ষ : ছুইফটৰ চালক সহ ৪জন নিহত: আহত স্কৰপিঅৰ চালক ১১-৩০ মান বজাত ধুবুৰী জিলাৰ বিলাসীপাৰা গৌৰাং  নগৰত  সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে ৪জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে এ এছ -১৭জে ০১১৯ নম্বৰৰ গোৱালপাৰাৰ পৰা গোলোকগঞ্জ অভিমুখে আহি থকা ছুইফট গাড়ী খনৰ লগত বিপৰীত দিশৰ পৰা অহা এ এছ ১৮ জি ২৯৩০ নম্বৰৰ স্কৰপিঅ গাড়ী খনৰ লগত মূখামুখি  সংঘৰ্ষ হোৱাৰ ফলতেই ছুইফট গাড়ী খনৰ চালক সহ উক্ত গাড়ী খনৰ আৰোহি একটা পৰিয়ালৰে ৪ জন লোক থিতাতে নিহত হোৱাৰ লগতে  স্কৰপিঅ গাড়ী খনৰ চালক আশ্ৰাফুল ইছলামো গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত বাতৰি মতে মৃত লোক কেইজনক গোৱালপাৰা জিলাৰ অন্তৰ্গত বলদমাৰী  বিহু ফিল্ড গাঁওৰ ৰাহুল ৰায়  (৩৫) লগতে ৰায়ৰ পত্নী দীপখা সিংহ ৰায় (৩০) আৰু তেওঁলোকৰ ডেৰবছৰীয়া কন্যা ময়ুখ  ৰায় বুলি চিনাক্ত কৰাৰ লগতে গাড়ী খনৰ চালক  জনক বুলি চিনাক্ত কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ  বিধায়ক অশোক সিংহীয়েও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰশাসনক যান বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবেও আহ্বান জনায়।
_____________________________________________ Shop now 50% off with Amazon

No comments:

Post a Comment

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক

আহোম যুগৰ অসমীয়া উপাধি। আপোনাৰ উপাধিটোৰ বিষয়ে জানি লওক:--- ☞ ৰাজকোঁৱৰ ➖ স্বৰ্গদেউসকলৰ প্ৰধান কুঁৱৰীসকলৰ গৰ্ভজাত ৰজা হোৱাৰ যোগ্য কোঁৱ...